মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ অঘটন

 

নিউজ ডেস্ক :
হানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ ঘটনা৷ নিৰ্মাণৰত উৰণ সেতুৰ সমীপতে দুৰ্ঘটনাগ্ৰস্ত ক্ৰেন৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী৷কথমপি প্ৰাণ ৰক্ষা আন বহু লোকৰ৷৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উৰণীয়া সেঁতুৰ কাম কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।জালুকবাৰী অভিমুখী পথত ৰড তুলি থকাৰ অৱস্থাত বাগৰি পৰিল ক্ৰেনখন। এই ঘটনাত এগৰাকী যুৱতীসহ আহত হয় এজন স্কুটী আৰোহী। কাষতে থকা নলাত জপিয়াই কথমপি প্ৰাণ ৰক্ষা যুৱতীগৰাকীৰ। এই ঘটনাৰ ফলত বশিষ্ঠ চাৰিআলিৰ পৰা নমাইললৈ তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। পূৰ্বতেও এই স্থানতে মৃত্যু হৈছিল এজন শ্ৰমিকৰ।

You might also like
Leave A Reply

Your email address will not be published.