‘মহা অৰণ্য’ উপন্যাসৰ স্ৰষ্টা জনপ্ৰিয় ঔপন্যাসিক ডঃ অনুজ বৰুৱা আৰু নাই। বুধবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ৫৭ বছৰ বয়সত দেহাৱসান ঘটে ডঃ বৰুৱাৰ। এগৰাকী কৃষি বিজ্ঞানী ৰূপে পৰিচিত প্ৰয়াত বৰুৱাই লোভনীয় চৰকাৰী চাকৰি এৰি আজীৱন কৃষি কৰ্মত আত্মনিয়োগ কৰিছিল। ক্ষেত্ৰীত ‘কৃষি জিজ্ঞাস’ নামৰ এখন কৃষি পাম আৰু ‘আলহী ঘৰ’ নামৰ ৰেস্তোঁৰা খুলি ব্যস্ত হৈ পৰা জনপ্ৰিয় ঔপন্যাসিক গৰাকীয়ে ইয়াৰ মাজতে অব্যাহত ৰাখিছিল সাহিত্য চৰ্চা। ‘প্ৰান্তিক’ৰ পাতত ‘মহা অৰণ্য’ নামৰ ধাৰাবাহিক উপন্যাস খনেৰে পাঠকৰ হৃদয়ত খোপনি পুতিবলৈ সক্ষম হোৱা প্ৰয়াত বৰুৱাই পেট্ৰলিয়াম টেকন’লজিত গবেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ডঃ অনুজ বৰুৱাৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ অনুৰাগী,গুণমুগ্ধৰ লগতে ৰাজ্যৰ বৌদ্ধিক সমাজ।।
