মাইক্ৰ’ছফটত ভাৰতীয় মূলৰ চেয়াৰমেন

নিউজ ডেস্ক, এন ই ভাৰত

মাইক্ৰ’চফ্‌টৰ ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) সত্য নাডেলাক কোম্পানীটোৰ চেয়াৰমেন ৰূপে মনোনীত কৰা হৈছে। বুধবাৰে মাইক্ৰ’চফ্‌টে বৰ্তমানৰ চেয়াৰমেন জন থম্পছনৰ স্থানত সত্য নাডেলাক নতুন চিয়াৰমেন হিচাপে মনোনীত কৰে।
২০১৪ চনত মাইক্ৰ’চফ্‌টৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে দায়িত্ব গ্ৰহণ কৰা নাডেলাই লিংক্‌ডইন, নুয়েঞ্চ আৰু জেনিম্যাক্স কোম্পানী বিলিয়ন ডলাৰৰ বিনিময়ত অধিগ্ৰহণ কৰাৰ উপৰিও মাইক্ৰ’চফ্‌টৰ ব্যৱসায় বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.