মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে পুৱা আইজলৰ দক্ষিণ উপকণ্ঠ অঞ্চলৰ মেলথুমৰ খিয়াংচাওলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত চাকমা স্বায়ত্ত শাসিত জিলা পৰিষদৰ দুজন সদস্যসহ নিহত হয় তিনিজন লোক । দুৰ্ঘটনাত আহত হয় আন দুজন লোক । দক্ষিণ মিজোৰামৰ লংটলাই জিলাৰ চাকমা কাউন্সিলৰ মুখ্য কাৰ্যালয় চাউংটেৰ পৰা আইজল অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। বাহনখন পথৰ পৰা প্ৰায় ৬০ মিটাৰ তললৈ বাগৰি পৰাৰ পিছতে অগ্নি সংযোগ হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।।
