নিৰ্বাচনমুখী উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ত ১০ লাখৰো অধিক হিচাপহীন নগদ ধন উদ্ধাৰ। মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ চাৰিজন লোকৰ পৰা উদ্ধাৰ হৈছে এই হিচাপবিহীন নগদ ধন। জিলাখনৰ ফ্লাইং স্কোৱাডৰ বিষয়াই জব্দ কৰে নগদ ধনখিনি। খৱৰটো সদৰি কৰিছে মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগৰে। অৱশ্যে নগদ ধন জব্দ কৰাৰ সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ৰাজ্যখনত এতিয়ালৈকে ২০ লাখ হিচাপবিহীন নগদ ধন উদ্ধাৰ হৈছে বুলি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সূত্ৰে প্ৰকাশ। উল্লেখ্য যে, অহা ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত প্ৰথম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হব
