মেছিয়ে চকুলো মচি পেলাই দিয়া টিছু পেপাৰৰ দাম!

স্পৰ্টছ ডেস্ক-

যোৱা ৮ আগষ্টত কাতালুনিয়ান ক্লাৱত বাৰ্চিলোনা ত্যাগৰ কথা ঘোষণা কৰাৰ পৰত তাৰকা ফুটবলাৰ মেছিয়ে কান্দোনত ভাগি পৰা দৃশ্যটো আপোনাৰ মনত নিশ্চয় এতিয়াও সজীৱ হৈ আছে।সেই যে কান্দি কান্দি মেছিয়ে চকুপানী টুকি এখন টিছু পেপাৰেৰে নিজৰ দুচকু মচিছিল, সেইখন টিছু পেপাৰৰে এতিয়া নিলাম বজাৰত দাম উঠিছে ১ মিলিয়ন ডলাৰ। অৰ্থাৎ ভাৰতীয় হিচাপত ৭ কোটি ৪৪ লাখ টকা। সেইদিনা মেছিয়ে চকুপানী মচি পেলাই দিয়া টিছু পেপাৰ খন সংবাদমেলত উপস্থিত থকা এজন দূৰদৰ্শী লোকে বুটলি নি এটা ৱেবচাইটৰ জড়িয়তে নিলামৰ ব্যৱস্থা কৰিছিল। তাৰ পাছতেই এই পৰ্যন্ত টিছু পেপাৰ খনৰ দাম ৭ কোটি ৪৪ লাখলৈকে দিবলৈ আগবাঢ়ি আহিছে ফুটবল উন্মাদ গ্ৰাহক।।

You might also like
Leave A Reply

Your email address will not be published.