ম্যানমাৰত শাসকীয় সামৰিক বাহিনীৰ বৰ্বৰোচিত কাণ্ড!

ম্যানমাৰত শাসকীয় সামৰিক বাহিনীৰ বৰ্বৰোচিত কাণ্ড।
ম্যানমাৰত শাসকীয় সামৰিক বাহিনীৰ বৰ্বৰোচিত কাণ্ড। কচিনত সংখ্যালঘু জনগোষ্ঠীৰ এটা কনচাৰ্টত বিমান আক্ৰমণ সংঘটিত কৰি হতা কৰে কমেও ৫০ জন লোক। আনহাতে, আক্ৰমণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত শতাধিক লোক। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৮:৪০ বজাত তিনিখনকৈ জেট বিমানেৰে অনুষ্ঠানটোত আক্ৰমণ কৰে। শাসনাধিস্থ সামৰিক বাহিনীৰ আক্ৰমণত সাধাৰণ নাগৰিক, বিশিষ্ট স্থানীয় গায়ক আৰু কাচিন ইণ্ডিপেণ্ডেন্ট আৰ্মিৰ বিষয়া নিহত হয় বুলি জানিবলৈ দিয়ে কেআইএৰ মুখপাত্ৰ কৰ্ণেল নাউ বুয়ে।

উল্লেখ্য যে, যোৱা বছৰ সামৰিক বাহিনী শাসনত অহাৰ পিছৰে পৰা বিদ্ৰোহী সংগঠন কেআইএৰ সৈতে সংঘাত বৃদ্ধি পাইছে। ম্যানমাৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ নৱেম্বৰ মাহত দক্ষিণ-পূব এছিয়াৰ বৈদেশিক মন্ত্ৰীসকলৰ জৰুৰী বৈঠকৰ পূৰ্বেই সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ।।

You might also like
Leave A Reply

Your email address will not be published.