ল’ৰাৰ লগত কথা পতাৰ অপৰাধত ২ যুৱতীক নিৰ্মম প্ৰহাৰ

নেচনেল ডেস্ক, এন ই ভাৰত

মধ্য প্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। জিলাখনৰ দুগৰাকী যুৱতীক একাংশ লোকে লাঠিৰে নিৰ্মম ভাবে প্ৰহাৰ কৰা এক ভাইৰেল ভিডিঅ’ই বুকু কঁপাই তুলিছে সমগ্ৰ দেশবাসীৰ। আদিবাসী যুৱতী দুগৰাকীৰ অপৰাধ তেওঁলোকে ল’ৰাৰ লগত কথা পাতিছিল। এই কথাতে খড়্গহস্ত হৈ নিজৰেই পৰিয়ালৰ লোকে এনেদৰে উপৰ্যুপৰি নিৰ্মম ভাবে প্ৰহাৰ কৰে যুৱতী দুগৰাকীক। এই অমানৱীয় ঘটনা ভাইৰেল হৈ পৰাৰ পাছতে স্থানীয় আৰক্ষীয়ে ৭ জন লোকক আটক কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.