নিউজ ডেস্ক;
চাকৰি, ব্যৱসায় আৰু আৰ্থিক প্ৰাপ্তিৰ বাবে কেনেকৈ ভোলানাথক পূজা অৰ্চনা কৰিব জানো আহক!
এই বৰ্ষৰ ১৮ জুলাই, অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব শাওন মাহ। ভাৰতীয় হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ গুৰুত্ব সৰ্বজনবিদিত। শাওন মাহত ভগৱান ভোলানাথক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ যজ্ঞকে ধৰি আধ্যাত্মিক ৰীতি-নীতি পালন কৰা হয়। এই মাহজুৰি ভগৱান ভোলানাথক প্ৰত্যেক সোমবাৰে বিশেষভাৱে পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰত শাওন মাহত সুখ-শান্তি লাভ আৰু আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান বিশেষ উপায় আছে।
জ্যোতিষ শাস্ত্ৰত কোৱা হয় যে যিসকলে তেওঁলোকৰ কাম অনুসৰি কৰ্মস্থলীত পদোন্নতি লাভ কৰা নাই, তেনে লোকসকলে শাওন মাহত শিৱৰ অৰ্ধাংগিনী পাৰ্বতীক ৰূপৰ বিচনা বা পায়েল আগবঢ়াব লাগে। বিশ্বাস মতে এনে কৰাৰ ফলত ধনৰ আগমনৰ নতুন পথ মুকলি হয়। একে সময়তে, চাকৰি আৰু ব্যৱসায়তো পদোন্নতি আহে। ধন সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱান শিৱ আৰু পাৰ্বতীক শাওন মাহত কেশৰ মিশ্ৰিত পায়সৰ ভোগ দিব লাগে। এনে কৰিলে ভোলেনাথ সন্তুষ্ট হয় আৰু ধন সম্পৰ্কীয় সমস্যাবোৰ আঁতৰ কৰা হয় বুলি বিশ্বাস কৰা হয়।
যিসকলৰ বিবাহিত জীৱন স্থিৰ নহয়, তেওঁলোকৰ ক্ষেত্ৰত শাওন মাহত স্বামী আৰু পত্নীয়ে ভগৱান শিৱক একেলগে পঞ্চামৃতৰ সৈতে অভিষেক কৰাব লাগে। এনে কৰিলে বিবাহিত জীৱনৰ অস্থিৰতা সমাপ্ত হয় আৰু স্বামী-পত্নীৰ মাজৰ সম্পৰ্ক শক্তিশালী হয় বুলি বিশ্বাস কৰা হয়।
জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনাৰ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰিবলৈ শাওনৰ যিকোনো সোমবাৰে ভগৱান শিৱক ডালিমৰ ৰসেৰে অভিষেক কৰা উচিত।
কোৱা হয় যে, ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কঠিন নহয়,তেওঁ অলপতে সন্তুষ্ট হয়। কেৱল সচাঁ অন্তৰেৰে ভক্তিৰ প্ৰয়োজন। তথাপিও শাওন মাহত শিৱক বিশেষ ভাৱে পূজা অৰ্চনা কৰা হয়। এক বিশ্বাস অনুসৰি এই মাহটোত ভোলানাথক সচাঁ অন্তৰৰ পৰা পূজা কৰিলে আৰু তেওঁক বেলপাত অৰ্পন কৰিলে ভোলানাথে সকলো মনৰ আশা পূৰন কৰে।।