শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা!

কৰ্তব্যৰত অৱস্থাত থকা শিক্ষক–শিক্ষয়িত্ৰীৰ বাবে ড্ৰেছ কোড নিৰ্ধাৰণ স্কুল শিক্ষা বিভাগৰ

নিউজ ডেস্ক:

ৰাজ্যৰ বিদ্যালয়সমূহৰ শিক্ষক–শিক্ষয়িত্ৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ কৰ্তব্যৰত অৱস্থাত থকা শিক্ষক–শিক্ষয়িত্ৰীৰ বাবে ড্ৰেছ কোড নিৰ্ধাৰণ স্কুল শিক্ষা বিভাগৰ। কৰ্তব্যৰত অবস্থাত শিক্ষক-শিক্ষয়ত্ৰীয়ে পিন্ধিব নোৱাৰিব কেজুৱেল পোছাক ৷ সকলো বিদ্যালয়ৰ ক্ষেত্ৰতে পোছাক নিৰ্ধাৰণ কৰি দিলে স্কুল শিক্ষা বিভাগে।

নিৰ্দেশনা অনুসৰি, শিক্ষকসকলে ফৰ্মেল ড্ৰেছত আহিব লাগিব বিদ্যালয়লৈ। আনহাতে, শিক্ষয়িত্ৰীসকলে মাৰ্জিত ছেলোৱাৰ–কামিজ, শাড়ী, মেখেলা–চাদৰ পিন্ধি আহিব পাৰিব বিদ্যালয়লৈ। কেজুৱেল পোছাক যেনে টি–ছাৰ্ট, জিন্স, লেগিংছ আদি শিক্ষয়িত্ৰীসকলে পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ। স্কুল শিক্ষা বিভাগ সচিবৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷

You might also like
Leave A Reply

Your email address will not be published.