আজি শ্বহীদ দিৱস। ১৯৪২ ৰ আজিৰ দিনটোতে দেশৰ নামত নিজৰ প্ৰাণ আহুতি দিছিল অসমী আইৰ বীৰ সন্তান কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী অনুসৰি গহপুৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ যাওঁতে বৃটিচৰ গুলীত প্ৰাণ হেৰুৱাইছিল এই দুই বীৰ শ্বহীদে।
