ৰাজপথৰ অক্লান্ত সংগ্ৰামী অখিল গগৈ সদনলৈ গৈয়েই হৈ পৰিল অৱস-ক্লান্ত! সদনত পশুধন সুৰক্ষাৰ গুৰুত্বপূৰ্ণ আলোচনা কালত যিসময়ত মুখ্যমন্ত্ৰীৰ বক্তব্য শুনা আটাইতকৈ জৰুৰী আছিল অখিলৰ, সেই সময়তে টোপনিত লালকাল হৈ থকা দেখা গ’ল শিৱসাগৰৰ বিধায়ক জনক।আজি অসম বিধান সভাৰ চলিত বাজেট অধিবেশনৰ অন্তিম দিনা সদনৰ মজিয়াত গুৰুত্বপূৰ্ণ আলোচনা কালত অখিলৰ কুম্ভকৰ্ণ নিদ্ৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যবাসীৰ মাজত।।
