স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ ২১ বিষয়া-কনিষ্টবললৈ সন্মান!

চলিত বৰ্ষত ৮ গৰাকী বিষয়া-কনিষ্টবললৈ প্ৰদান কৰা হ’ব ভাৰত চৰকাৰৰ আৰক্ষীৰ সাহসিকতা বঁটা

নিউজ ডেস্ক:

দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসত অসম আৰক্ষীৰ ৮ জন বিষয়া-কনিষ্টবললৈ পুলিচ মেডেল। চলিত বৰ্ষত ৮ গৰাকী বিষয়া-কনিষ্টবললৈ প্ৰদান কৰা হ’ব ভাৰত চৰকাৰৰ আৰক্ষীৰ সাহসিকতা বঁটা। DSP প্ৰকাশ মেধি, Addl.SP প্ৰকাশ সোণোৱাললৈ প্ৰদান কৰা হ’ব বঁটা। SI লাটুক দাস, ৰিতুজ্যোতি নাথ, মৌবলিক ব্ৰহ্মলৈ আৰক্ষীৰ সাহসিকতা বঁটা। পুৰষ্কাৰ প্ৰাপ্তৰ তালিকাত আছে কনিষ্টবল ছেমছন তাৰ’, জয়কিৰি তেৰণ আৰু নৱজ্যোতি ৰয়ৰ নাম।

আনহাতে অসম আৰক্ষীৰ ১৩ গৰাকী আৰক্ষীলৈ প্ৰদান কৰা হৈছে উৎকৃষ্ট সেৱা বঁটা। বাক্সাৰ SP ৰাজেন সিং, ইন্সপেক্টৰ ৰূপজ্যোতি দত্ত, ইন্সপেক্টৰ দীপেন পাটৰ, SI ৰাজকুমাৰ সিং আৰু কমলেশ্বৰ পাণ্ডেলৈ উৎকৃষ্ট সেৱা বঁটা। হাবিলদাৰ দেবেন চন্দ্ৰ বৰা, DSP সতীশ কুমাৰ, কনিষ্টবল ইন্দ্ৰ দাসলৈ প্ৰদান কৰা হ’ব উৎকৃষ্ট সেৱা বঁটা। হাবিলদাৰ ৰজনীকান্ত বৰ্মন, ASI মনোৰঞ্জন কটকী, কনিষ্টবল দিগন্ত বাগলাৰী, কনিষ্টবল নিৰলাবালা কছাৰী, ASI এইচ বিচৌ চন্দ্ৰ সিংহলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.