২৫ জুলাইত আন এক মহাজাগতিক পৰিঘটনা!

স্পেচিয়েল ডেস্ক-

তাজমহলৰ আকাৰতকৈ তিনি গুণ আকাৰত ডাঙৰ এটা গ্ৰহাণু ২৫ জুলাইত পৃথিৱীৰ ওচৰৰ পৰা পাৰ হ’ব। নাছাৰ নিয়াৰ-আৰ্থ অবজেক্টৰ ডাটাবেচ অনুসৰি, প্ৰায় ২২০ মিটাৰ ব্যাসৰ গ্ৰহাণু ‘২০০৮ জিঅ’২০’ এ ২৫ জুলাইৰ ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ৩ বজাত পৃথিৱীৰ নিকটতম দূৰত্বত উপনীত হ’ব। এই গ্ৰহাণুটো পৃথিৱীৰ পৰা ৪.৭ নিযুত কিলোমিটাৰ দূৰত্বৰে পাৰ হ’ব। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ১২ গুণ দূৰত্বত থকা স্বত্বেও গ্ৰহাণুটোক পৃথিৱীৰ ওচৰৰ বস্তু বুলি গণ্য কৰা হৈছে কিয়নো পৃথিৱীৰ পৰা ১৯৪ নিযুত কিলোমিটাৰ দূৰত্বৰ ভিতৰৰ যিকোনো গ্ৰহাণু বা সৌৰজগতৰ আন সৰু বস্তু পৃথিৱীৰ ওচৰৰ বুলি গণ্য কৰা হয়।যদিও গ্ৰহাণুটো পৃথিৱীৰ কক্ষপথৰ কাষেৰে সুৰক্ষিতভাৱে পাৰ হ’ব বুলি আশা কৰা হৈছে, তথাপিও নাছাই এই ঘটনাটোক এক সম্ভাৱ্য বিপদজনক বস্তু হিচাপে চিহ্নিত কৰিছে। সাম্ভাব্য বিপদজনক গ্ৰহাণুক মহাকাশ সংস্থাৰ দ্বাৰা নিকটভাৱে পৰ্যবেক্ষণ কৰা হয় কিয়নো ই গ্ৰহবোৰৰ মাধ্যাকৰ্ষণীয় শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ কক্ষপথ সলনি কৰি পৃথিৱীত আঘাত কৰিলে এক ভয়ংকৰ ক্ষতি হ’ব পাৰে।

সৌভাগ্যক্ৰমে, নাছাই এটা গ্ৰহ প্ৰতিৰক্ষা প্ৰণালী বিকশিত কৰিছে । নৱেম্বৰত নাছাই ডাবল এষ্ট্ৰইড ৰিডাইৰেকশ্বন টেষ্ট (ডাৰ্ট) মিছনত এখন মহাকাশযান প্ৰেৰণ কৰিবলৈ সাজু হৈছে, যি প্ৰতি ছেকেণ্ডত ৬.৬ কিলোমিটাৰ বেগত ৭৮০ মিটাৰ আকাৰৰ গ্ৰহাণু ডিডিমোছৰ চন্দ্ৰত নিজকে দুৰ্ঘটনাগ্ৰস্ত কৰিব।

যদি ডাৰ্ট অভিযান সফল হয়, ই গ্ৰহাণু আৰু বহিৰ্জাগতিক ভাবুকিৰ পৰা আমাৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। এক শক্তিশালী গ্ৰহপ্ৰতিৰক্ষা থকাটো গুৰুত্বপূৰ্ণ কিয়নো এটা ডাঙৰ গ্ৰহাণুৰ পৃথিৱীৰ সৈতে সংঘৰ্ষ হ’লে ই সমগ্ৰ জীৱ কুলকে ধ্বংস কৰিব পাৰে।।

You might also like
Leave A Reply

Your email address will not be published.