৪১ বছৰৰ মূৰত আহিল আন এটা পদক

টকিঅ’ অলিম্পিকত ৪১ বছৰৰ মূৰত ভাৰতীয় হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলখনত জাৰ্মানীক ৫-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখলেৰে ব্ৰঞ্জৰ পদক লাভ কৰে দেশৰ পুৰুষৰ হকী দলটোৱে। অলিম্পিকত হকীত অন্তিমটো পদক ১৯৮০ চনত লাভ কৰিছিল ভাৰতে।সেইবেলি মস্কো অলিম্পিকত ভাৰতীয় হকী দলটোৱে জয় কৰিছিল অষ্টমটো স্বৰ্ণ পদক। এই পৰ্যন্ত অলিম্পিকত ১২টা পদক জিনা ভাৰতৰ হকী দলটোৱে এইবেলি জাপানত দ্বীতিয়টো পদক জিকিবলৈ সক্ষম হ’ল।ইয়াৰ পূৰ্বে ১৯৬৪ চনত টকিঅ’ অলিম্পিকত বৈৰী ৰাষ্ট্ৰ পাকিস্তানক পৰাস্ত কৰিছিল ভাৰতে।

চলিত টকিঅ’ অলিম্পিকৰ অই হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ চিমৰণজিৎ সিঙে দুটা গ’ল, হাৰ্দিক সিং, হৰমনপ্ৰীত সিং আৰু ৰূপিন্দৰ পাল সিঙে একোটাকৈ গ’ল কৰে।

You might also like
Leave A Reply

Your email address will not be published.