পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ তিনিচুকীয়া জিলাৰ লিডু কেন্দ্ৰীয় নামঘৰটি নিৰ্মাণ কৰি উলিওঁৱা হৈছে । নামঘৰৰ সন্মুখভাগ আৰু বাটচ’ৰা ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ আৰ্হিত সজোৱা হৈছে । ১৮ আগষ্টত নামঘৰৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইতিমধ্যে বিধায়ক ভাস্কৰ শৰ্মাক সভাপতি ধীৰাজ সোণোৱাল,দিপক চেতিয়াক কাৰ্যকৰী সভাপতি ৰাণাজ্যোতি নেওগক মুখ্য সম্পাদক আৰু সুখদেৱ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক ৰাণাজ্যোতি নেওগে জানিবলৈ দিয়া মতে ২০২০ চনৰ ফেব্ৰুৱাৰীত পুৰণি নামঘৰটি ভাঙি নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল ।মাত্ৰ এবছৰতে নামঘৰটি প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে । বহু কাম আৰু ঋণ পৰিশোধ বাকী আছে যদিও ইয়াৰ মাজতে অহা ১ ভাদ (ইংৰাজী ১৮ আগষ্ট )ৰ দিনা নামঘৰটো উদ্বোধন কৰা হ’ব । এই অনুষ্ঠানতে এশ বিশ গৰাকী দাতাক ৰাজহুৱাভাৱে নামঘৰটি নিৰ্মাণত সহযোগিতা আগবঢ়োৱা বাবে সম্বৰ্ধনা জনোৱা হ’ব।।
