৫ জিলাত হ’ব সম্পূৰ্ণ লকডাউন!

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

সম্পূৰ্ণ লকডাউনৰ দিশে গতি কৰিছে ৰাজ্যৰ Red District তালিকাত অন্তৰ্ভুক্ত ৫ খন জিলাই। তিনিচুকীয়া,ডিব্ৰুগড়,শোণিতপুৰ, নগাঁও আৰু কাছাৰ জিলাত দ্ৰুতগতিত ক’ৰনাৰ সংক্রমণ বৃদ্ধি পাইছে যদিও এই পৰ্যন্ত একাংশ অবিবেচকী লোকৰ কাণ্ডজ্ঞানহীন আচৰণে অধিক ভয়ংকৰ দিশলৈ ঠেলি দিছে জিলা কেইখনক।সামাজিক দুৰত্ব, মাস্কৰ ব্যৱহাৰ আদি সুৰক্ষামুলক ব্যৱস্থালৈ পিঠি দি এই ৫ জিলাত বজাৰ সমাৰকে ধৰি ৰাজহুৱা স্থানত পৰিলক্ষিত হৈছে উদ্বেগজনক পৰিবেশ।এই ৫ খন জিলাত অহা ২২ জুনৰ ভিতৰত সংক্রমণ নিয়ন্ত্ৰণলৈ নাহিলে সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.