৬ জুনৰ পৰা ৰাজ্যত নতুন ক’ভিড SOP

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

৬ জুনৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব নতুন ক’ভিড SOP

সকলো ধৰণৰ ব্যক্তিগত যানবাহন তথা সৰ্বসাধাৰণৰ চলাচল দূপৰীয়া ১ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ বন্ধ থাকিব

সকলো দোকান-পোহাৰ, বানিজ্যিক প্ৰতিষ্ঠান দিনৰ ১২ বজাত বন্ধ কৰিব লাগিব

ধাবা,ৰেষ্টুৰেন্ট,ভোজনালয়ত ১২ বজাৰ পাছত গ্ৰাহকে বহি খাব নোৱাৰিব। ১ বজালৈ গ্ৰাহকে খাদ্য কিনি লৈ যাব পাৰিব। খাদ্যৰ হ’ম ডেলীভাৰীৰ ক্ষেত্ৰত বাধা নাথাকিব।

হোটেল বা ৰিজ’ৰ্ট আদিৰ ভিতৰত থকা ৰেষ্টুৰেন্টত বাহিৰা অতিথিৰ প্ৰৱেশত দিনৰ ১২ বজালৈহে অনুমতি থাকিব।

শীতলীগৃহ আৰু পণ্যাগাৰ সমুহ খোলা ৰখাত বাধা নাথাকিব যদিও এইসমূহৰ সৈতে সংলগ্ন চেলছ কাউন্টাৰ,শ্ব’ৰূম আদি দিনৰ ১২ বজাত বন্ধ কৰিব লাগিব।

চৰকাৰী-বেচৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠান ১৫ জুন পৰ্যন্ত বন্ধ থাকিব

জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব

আন্তঃজিলা যাতায়ত তথা এখন জিলাৰ পৰা আনখন জিলালৈ আহযাহ বন্ধ থাকিব

নগৰাঞ্চল-গ্ৰামাঞ্চলৰ ক্ষেত্ৰত পূৰ্বৰ SOP মতেই অন্যান্য নিষেধাজ্ঞা বাহাল থাকিব

নতুন SOPৰ নীতি-নিৰ্দেশনা অহা ১৬ জুন পৰ্যন্ত প্ৰযোজ্য থাকিব। ।

You might also like
Leave A Reply

Your email address will not be published.