নিউজ ডেস্কঃ
ৰাজ্যত ক্ৰমাৎ জটিল ডেংগুৰ প্ৰাদুৰ্ভাৱ! ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে ডেংগু ৰোগে। পুনৰ ডেংগুত আক্ৰান্ত হৈ ৰাজ্যত আন এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী মৰাণৰ ৰমাই লাচন মিচিং গাঁৱৰ সবিদৈ পাংগি টাই বুলি জানিব পৰা গৈছে। যোৱা ২ আগষ্টৰ পৰা AMCHৰ ICUত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী।