অটব্য অৰণ্যত আৰক্ষী-মাওবাদীৰ তুমুল সংঘৰ্ষ

ছত্তীশগড়-তেলেংগানাৰ সীমান্ত অঞ্চলত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত ৬ দুধৰ্ষ মাওবাদী। আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ পৰা ৪০০ কিলোমিটাৰ দূৰত অৱস্থিত ছত্তীশগড়ৰ চুকমা জিলাৰ কিস্তাৰাম অঞ্চলৰ এক বনাঞ্চলত আজি পুৱা ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত সংঘটিত হয় এই সংঘৰ্ষ। তেলেংগানা আৰক্ষীৰ বিশেষ নক্সাল বিৰোধী গ্ৰেহাউণ্ড গোটৰ সৈতে হোৱা এই গুলীয়াগুলীত চাৰিগৰাকী মহিলাসহ ৬ আলট্ৰা নিহত হয়।

এই অভিযানক এক বৃহৎ সফলতা বুলি দাবী কৰিছে চুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই।

You might also like
Leave A Reply

Your email address will not be published.