অনুপ পাণ্ডে দেশৰ নতুন নিৰ্বাচন আয়ুক্ত

নেচনেল ডেস্ক, এন ই ভাৰত

উত্তৰ প্ৰদেশ কেডাৰৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অনুপ চন্দ্ৰ পাণ্ডেক ভাৰতৰ নিৰ্বাচনী আয়োগৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ১৯৮৪ বৰ্ষৰ প্ৰশাসনিক বিষয়া পাণ্ডেক মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে এই পদত নিযুক্তি দিছে।প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ যোৱা ১২ এপ্ৰিলত অৱসৰ লোৱাৰ পৰাই পদটো খালি হৈ আছিল। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য সচিব পাণ্ডেই ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহলৈ কাৰ্যনিৰ্বাহ কৰিব।

উল্লেখ্য যে, তিনি জনীয়া নিৰ্বাচনী আয়োগৰ সুশীল চন্দ্ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু ৰাজীৱ কুমাৰ পেনেলৰ আন এজন আয়ুক্ত হ’ব অনুপ চন্দ্ৰ পাণ্ডে।।

You might also like
Leave A Reply

Your email address will not be published.