Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
অম্বুবাচী মহাযোগ-২০২৫ক লৈ ব্যাপক আয়োজন
অম্বুবাচী মহাযোগ-২০২৫ক লৈ ব্যাপক আয়োজন
Related Posts
অম্বুবাচী মহাযোগ-২০২৫ সম্পূৰ্ণ আধ্যাত্মিক আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ সম্পৰ্কত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কামাখ্যা মন্দিৰৰ ৫ কিল’মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুস্থিত এই বৈঠকত পৰ্যটন বিভাগৰ মন্ত্ৰী গৰাকীয়ে এই অম্বুবাচী মহাযোগ-২০২৫ যাতে সম্পূৰ্ণ শৃংখলাবদ্ধ আৰু সুচাৰুৰূপত তথা আধ্যাত্মিকভাৱে অনুস্থিত কৰিব পৰা যায় এই ক্ষেত্ৰত সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াবলৈ তেওঁ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি সকলক আহ্বান জনায়। তেওঁ লগতে এই আধ্যাত্মিক উৎসৱত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ পৰা নিয়োজিত হ’বলগীয়া স্বেচ্ছাসেৱক সকলক ভক্ত সকলক অসমবাসীৰ হৈ উষ্ম আদৰণি জনোৱাৰ বাবেও আহ্বান জনায় যাতে ইয়াত উপস্থিত থকা বাহিৰৰ ভক্ত আৰু পৰ্যটক সকলে আতিথ্যৰ এক বিশেষ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে। তেওঁ লগতে পাণ্ডু ঘাট, কামাখ্যা ষ্টেচন আদিকে ধৰি বিভিন্ন স্থানত নিয়োজিত হ’বলগীয়া স্বেচ্ছাসেৱকসকলক ভক্ত সকলৰ খা-খবৰ লৈ আদৰণি জনোৱাৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়। ইয়াৰ লগতে বিভিন্ন ভাণ্ডাৰা ,পানী যোগানৰ পইণ্ট আদিত নিয়োজিত হ’বলগীয়া স্বেচ্ছাসেৱকসকলকো ভক্ত সকলক উষ্ম আদৰণি জনোৱাৰ বাবে আহ্বান জনায়। ইয়াৰ বাবে নিজৰ-নিজৰ সুবিধাজনক এলেকা চিনাক্ত কৰি নিজৰ-নিজৰ দায়িত্ব পালন কৰিবলৈ তেওঁ আহ্বান জনায়।
আজিৰ এই বৈঠকত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱান, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী, কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, কেইবাগৰাকীও ৱাৰ্ড কমিচনাৰকে ধৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি বৰ্গৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে।
ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে কামাখ্যা ৰেল ষ্টেচনৰ সমীপত স্থাপন কৰিবলগীয়া ভক্ত সকলৰ শিৱিৰ স্থলী পৰিদৰ্শন কৰি যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like