অলিম্পিকত কিমান বেতন ভাৰতীয় এথলীটৰ?

স্পৰ্টছ ডেস্ক-

২৩ জুলাইৰ পৰা আৰম্ভ হৈছে ৩২ সংখ্যক টকিঅ’ অলিম্পিক। ইতিমধ্যেই একাধিক দেশে জিকিছে পদক। ভাৰতীয় খেলুৱৈয়েও এই পৰ্যন্ত ভাল প্ৰদৰ্শন আগবঢ়াইছে।
পিছে আপোনালোকে জানেনে, অলিম্পিকত অংশ গ্ৰহণ কৰা প্ৰতিযোগীয়ে কিমান টকা উপাৰ্জন কৰে?

ক্ৰিকেট, ফুটবল আদি খেলুৱৈসকলে একোটা সপ্তাহতে অৰ্জন কৰে কোটি টকা পৰ্যন্ত। কিন্তু অলিম্পিকত অংশ গ্ৰহণ কৰা কোনো এথলীটে নিৰ্দিষ্ট বেতন নাপায়। যিদেশৰ হৈ প্ৰতিনিধিত্ব কৰিছে সেই দেশৰ চৰকাৰৰ ওপৰতহে নিৰ্ভৰ কৰে ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ হিচাপে পৰিচিত অলিম্পিকত কিমান টকা অৰ্জন কৰিব পাৰে। বিভিন্ন দেশে নিজৰ দেশৰ এথলীট সকলৰ বাবে পুৰস্কাৰ ঘোষণা কৰে। পদক লাভ কৰা সকলৰ বাবেও থাকে পৃথক পুৰস্কাৰ।

অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বেই ভাৰতীয় অলিম্পিক সংস্থাই ভাৰতীয় এথলীট সকলৰ বাবে বিশেষ পুৰস্কাৰ ঘোষণা কৰিছে। অলপতে IOA ৰ উপদেষ্টা কমিটিৰ বৈঠকত ঘোষণা কৰা হয় পুৰস্কাৰসমূহ। টকিঅ’ অলিম্পিক গেমচত অংশগ্ৰহণকাৰী প্ৰত্যেক ভাৰতীয়কে ১ লাখ টকা প্ৰদান কৰা হ’ব। যিসকলে স্বৰ্ণ পদক লাভ কৰিব তেওঁলোকক ৭৫ লাখকৈ টকা প্ৰদান কৰা হ ‘ব। ৰূপৰ পদক লাভ কৰাসকলে ৪০ লাখকৈ টকা লাভ কৰিব। ব্ৰঞ্জৰ পদক প্ৰাপ্তসকলে লাভ কৰিব ২৫ লাখকৈ টকা।।

You might also like
Leave A Reply

Your email address will not be published.