অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ

টকিঅ’ অলিম্পিকত আৰম্ভ অসম কণ্যা লাভলীনা বৰগোহাঁইৰ জয়যাত্ৰা। আজি জাৰ্মানীৰ প্ৰতিদ্বন্দি নেডাইন এপটেজক ৩-২ৰ ব্যৱধানত পৰাস্ত কৰি অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে সমগ্ৰ দেশৰ লগতে অসমবাসীৰ নয়নৰ মণি লাভলীনাই।প্ৰথমখন খেলত ‘বাই’ লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল অসম কণ্যা লাভলীনাই। লাভলীনাৰ সাফল্যত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ দেশবাসীৰ লগতে গৃহৰাজ্য অসম।।

You might also like
Leave A Reply

Your email address will not be published.