অলিম্পিকত বিজয় অক্ষুন্ন দেশৰ পুৰুষ হকী দলৰ

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

অলিম্পিক গেমছত ভাৰতীয় পুৰুষ হকী দলৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ভাৰতীয় পুৰুষ হকী দলে বৃহস্পতিবাৰে অনুষ্ঠিত পুল মেচখনত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে ৩-১ গ’লৰ ব্যৱধানত বিজয়েৰে অলিম্পিক গেমছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ।ভাৰতৰ হৈ বৰুণ কুমাৰ, বিবেক সাগৰ প্ৰসাদ আৰু হৰমনপ্ৰীত সিঙে এটাকৈ গ’ল কৰি প্ৰতিযোগিতাখনত জয় নিশ্চিত কৰে।

আৰ্জেণ্টিনাৰ একমাত্ৰ গ’লটো ৪৮ মিনিটত শ্বুথ কেচেলাৰ পেনাল্টি কৰ্ণাৰৰ পৰা আহিছিল। এই জয়ৰ দ্বাৰা ভাৰতে পুল এ-ৰ দ্বিতীয় স্থান দখল কৰে।।

You might also like
Leave A Reply

Your email address will not be published.