অসমত প্ৰৱঞ্চনাৰ জাল পাতোতেই জালত মেঘালয়ৰ দুৰ্বৃত্ত!

নিশা গুৱাহাটীত উদ্ধাৰ বৃহৎ পৰিমানৰ জাল নোট

নিউজ ডেস্ক:

সমত প্ৰৱঞ্চনাৰ জাল পাতোতেই জালত মেঘালয়ৰ দুৰ্বৃত্ত। নিশা গুৱাহাটীত উদ্ধাৰ বৃহৎ পৰিমানৰ জাল নোট। আৰক্ষীয়ে মহানগৰীৰ খানাপাৰাত প্ৰায় ৩ লাখ টকাৰ জালনোটসহ আটক কৰে এটা সৰবৰাহকাৰীক।শুকুৰবাৰে নিশা প্ৰায় ১১.৪৫ বজাত খানাপাৰা ট্ৰেফিক অ’ পি টিম আৰু পাব্লিকৰ বিশেষ অভিযানকাৰী দল(এছ অ’ জি)ৰ সৈতে বশিষ্ঠ আৰক্ষী থানাৰ এটা দলে চলোৱা যৌথ অভিযানত জালত পৰে মেঘালয়ৰ সৰবৰাহকাৰীটো। ধৃত সৰবৰাহকাৰীটোৰ পৰা ২ লাখ ৯৩ হাজাৰ টকাৰ জালনোট জব্দ কৰে আৰক্ষীয়ে। ৫০০ টকীয়া জালনোটৰ ৬টা বাণ্ডিল লৈ অসমৰ বজাৰত প্ৰৱঞ্চনাৰ জাল মেলিবলৈ আহিছিল মেঘালয়ৰ সৰবৰাহকাৰীটো।।

You might also like
Leave A Reply

Your email address will not be published.