অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান আস্থা চৌধুৰীয়ে।

স্প’ৰ্টছ ডেস্ক:

পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান আস্থা চৌধুৰীয়ে। ডুবাইত অনুষ্ঠিত দ্বিতীয় স্পীডো আমন্ত্ৰণমূলক লং কোৰ্চ মিট ২০২৩ত শনিবাৰে মহিলাৰ ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত সাঁতোৰবিদ আস্থাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ডুবাইৰ হামদান স্পৰ্টচ কমপ্লেক্সত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল দ্বিতীয় স্পীডো আমন্ত্ৰণমূলক লং কোৰ্চ মিট প্ৰতিযোগীতা। উল্লেখ্য যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় অপেন চেম্পিয়নশ্বিপতো মহিলাৰ ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত বিজয়ী হৈছিল আস্থা চৌধুৰী।।

You might also like
Leave A Reply

Your email address will not be published.