অৱশেষত গ্ৰেপ্তাৰ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক।উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত ৩ অক্টোবৰত সংঘটিত হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত আশীষক বিশেষ তদন্তকাৰী দল(SIT)ৰ দিনযোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে।প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ গ্ৰেপ্তাৰৰ দাবীত উত্তাল হৈ পৰিছিল দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে বিভিন্ন দল-সংগঠন।অৱশেষত অভিযুক্ত আশীষ মিশ্ৰক গ্ৰেপ্তাৰৰ কথা সদৰি কৰিছে তদন্তকাৰী দলৰ মুৰব্বী DIG উপেন্দ্ৰ আগৰৱালে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.