আছাম ৰাইফলছৰ বৃহৎ সফলতা!

নৰ্থ ইষ্ট ডেস্ক:
আছাম ৰাইফলছৰ বৃহৎ সফলতা। মণিপুৰৰ ইম্ফল জিলা আৰু থৌবাল টাউনৰ পৰা ভিন্ন বিদ্ৰোহী সংগঠনৰ দুই উগ্ৰপন্থীক আটক।মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ কেইথেলমানবি বেটেলিয়নে চলোৱা এক যুটীয়া অভিযানত আটক কৰা হয় দুই উগ্ৰপন্থীক। ধৃত দুই বিদ্ৰোহী ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট- প্ৰগ্ৰেছিভ (UNLF-P) আৰু পিপলছ লিবাৰেচন আৰ্মী (PLA)ৰ সক্ৰিয় সদস্য।

আন এক পৃথক অভিযানত মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ লংডিং বেটেলিয়নৰ যুটীয়া অভিযানত লংডিং চহৰৰ জিবো কলনীৰ পৰা ই এন এন জিৰ এজন কেডাৰক আটক কৰা হৈছে। জানিব পৰা মতে, ধৃত কেডাৰজন যুৱক-যুৱতীসকলক ইএনএনজি ফৈদত যোগদানৰ বাবে উৎসাহ যোগোৱাত জড়িত আছিল। ধৃত কেডাৰজনক অধিক সোধপোচৰ বাবে লংডিং আৰক্ষীক গতাই দিয়া হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.