আজিৰ কেবিনেটত কি কি সিদ্ধান্ত?

????আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ যমুনা বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শকৰ পদবীত নিযুক্তি দিয়াৰ সিদ্ধান্ত।অহা তিনি ছেপ্টেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অসম চৰকাৰে আয়োজন কৰা অনুষ্ঠানত দুয়োগৰাকীকে আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।
????বিভিন্ন দূৰ্ঘটনাৰ সময়ত এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞৰ অভাৱত ভুগি থকা বৰাকবাসীৰ সুবিধাৰ্থে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ শম্ভুধ্ব ধৰক ঠিকভিত্তিক নিযুক্ত প্ৰদান।
????নতুন প্ৰশাসনিক সংস্কাৰ হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ অৰুণোদয় আঁচনিৰ বাবে পূৰ্বৰ প্ৰয়োজনীয় বিত্ত বিভাগৰ অনুমোদন(চিলিং) এতিয়াৰে পৰা প্ৰয়োজন নহ’ব। বিভাগে এই বিত্তীয় অনুমোদন নিজেই দিব পাৰিব।
????মুখ্যমন্ত্ৰীৰে বাৰ্তালাপৰ সময়ত আদিবাসী (চাহ জনগোষ্ঠী) ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানক পুনৰ “ওৰাং ৰাষ্ট্ৰীয় উদ্যান” হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ।
????ক’ভিডৰ সময়চোৱাত জিলা উপায়ুক্ত সকলে নিজ নিজ জিলাত ব্যয় কৰা ৬৬০ কোটি টকাৰ পূঁজি মুকলি কৰি দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়।
????প্ৰায় ৬৫০০ হিতাধিকাৰীক সামৰি ক’ভিডত মৃত্যু হোৱা অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ, চৰকাৰী দৰমহা বা পেঞ্চন লাভ নকৰা ব্যক্তিৰ পৰিয়াললৈ “প্ৰাৰ্থনা” আঁচনিৰ জৰিয়তে ১ লাখ টকাকৈ এককালীন সাহাৰ্য্য প্ৰদানৰ সিদ্ধান্ত। অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনাখন প্ৰতিগৰাকী অভিভাৱক মন্ত্ৰীয়ে নিজৰ জিলা সমূহত মৃতকৰ নিকটতম আত্মীয়ক এই চেক সমূহ বিতৰণ কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.