আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

➡️➡️এতিয়াৰে পৰা সকলো চৰকাৰী অনুষ্ঠান জাতীয় সংগীতেৰে আৰম্ভ হৈ ৰাষ্ট্ৰীয় সংগীতেৰে শেষ হ’ব। সকলো চৰকাৰী অনুষ্ঠানত থলুৱা শিপিনীৱে হাতে বোৱা গামোচা ব্যৱহৃত হ’ব। আনহাতে জাতীয় খাদ্যৰে আপ্যায়ন কৰা হ’ব সকলো চৰকাৰী অনুষ্ঠানত।

➡️➡️দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিন, ২৮ জুলাইত ‘দেশভক্ত দিৱস’ পালন কৰা হ’ব। গোপীনাথ বৰদলৈৰ মৃত্যু দিন ৫ আগষ্টত ‘কৰ্মচাৰী দিৱস’ উদযাপন কৰি ১০ গৰাকী শ্ৰেষ্ঠ কৰ্মচাৰী বাচনি কৰি পুৰস্কৃত কৰা হ’ব।

➡️➡️সকলো অভিভাৱক মন্ত্ৰী তিনি দিন পৰ্যন্ত থাকিব লাগিব সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষনা কৰা জিলা সমূহত।

➡️➡️টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰ বৈধতা ৭ বছৰৰ পৰিৱৰ্তে জীৱনযোৰা হ’ব। কিন্তু নিযুক্তিৰ ক্ষেত্ৰত উৰ্ধসীমা থাকিব।

➡️➡️সকলো চৰকাৰী কৰ্মচাৰীয়ে জুলাই মাহলৈ সম্পূৰ্ণ বিদ্যুতৰ বিল পৰিশোধ কৰি এন অ চি ল’ব লাগিব। আগষ্ট মাহৰ পৰা নিয়মীত বিদ্যুৎ বিল আদায় নিদিলে দৰমহা কৰ্তন কৰা হ’ব। কিন্তু আগষ্ট মাহৰ পৰা দৰমহাৰ বাবে এন অ চিৰ প্ৰয়োজন নহ’ব।

You might also like
Leave A Reply

Your email address will not be published.