আজিৰ কেবিনেটৰ ৫ টা মূল সিদ্ধান্ত কি কি?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ কেবিনেটৰ ৫ টা মুল সিদ্ধান্ত-

????অসম আৰক্ষীৰ সশস্ত্ৰ বেটেলিয়ানৰ উপপৰিদৰ্শকৰ পৰা কনিষ্টবল পৰ্যায়লৈ নিজ নিজ পৰিয়ালৰ সৈতে কটোৱাৰ বাবে প্ৰতি বছৰে এবাৰকৈ এমাহৰ ছুটীত অনুমোদন। কোৱাৰ্টাৰত পৰিয়াল সহ বাস কৰা সকলক এমাহৰ পৰিৱৰ্তে দিয়া হ’ব ১০ দিনকৈ ছুটী।
????সুলভ মূল্যৰ দোকান সমূহৰ সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত ১০০.১০ টকাৰ পৰা ১৪৩ টকালৈ কমিছন বৃদ্ধিৰ সিদ্ধান্ত।৮৬০ সমবায় সমিতিলৈ বছৰি ৫ লাখকৈ টকাৰ মঞ্জুৰী। FCIৰ গুডামৰ পৰা সামগ্ৰী কঢ়িওৱাৰ ঠিকাও প্ৰদান কৰা হ’ব সমবায় সমূহক।
????ছিপাঝাৰৰ গৰুখুঁটিত ৭৭ হেজাৰ বিঘা মাটিত কৃষিকৰ্মৰ নেতৃত্বত থকা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্য্যদা প্ৰদান।
????ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছ, ইন্টাৰনেট সেৱাৰ প্ৰতি লক্ষ্য ৰাখি নেটৱৰ্ক বৃদ্ধিৰ প্ৰয়াসেৰে গাঁৱে গাঁৱে ম’বাইল টাৱাৰ স্থাপনৰ সিদ্ধান্ত।
????প্ৰত্যেক কেবিনেটৰ সিদ্ধান্ত সমূহৰ কাৰ্য্যকৰীতা সন্দৰ্ভত পৰ্যবেক্ষণ কৰি খতিয়ান দিয়াৰ বাবে ৩ মন্ত্ৰী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী,অতুল বৰা আৰু ৰণোজ পেগুক দায়িত্ব।।

You might also like
Leave A Reply

Your email address will not be published.