আজিৰ পৰা দেশত আৰম্ভ হ’ব ১২-১৪ বছৰ বয়সৰ শিশুৰ টিকাকৰণ

আজিৰ পৰা দেশত আৰম্ভ হ’ব ১২-১৪ বছৰ বয়সৰ শিশুৰ টিকাকৰণ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, আজিৰ পৰা ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ কোভিডৰ টিকাকৰণ আৰম্ভ হ’ব। উক্ত বয়সৰ হিতাধিকাৰীসকলৰ বাবে ব্যৱহাৰ কৰা হ’ব কৰ্বেভেক্স ভেকছিন। লগতে, ৬০ বছৰৰ অধিক বয়সৰ সকলোৱে এতিয়া আজিৰ পৰা বুষ্টাৰ পালিৰ সৈতে টিকাকৰণ কৰিব পাৰে। বায়’লজিকেল ই-ৰ আন্তঃপেশী প্ৰতিষেধক কৰ্বেভেক্সৰ দুটা পালি ২৮ দিনৰ ব্যৱধানত প্ৰদান কৰা হ’ব ১২-১৪ বছৰ বয়সৰ হিতাধিকাৰীসকলক । নিৰ্দেশনা অনুসৰি, ২০১০ বা তাৰ আগতে জন্ম হোৱা সকলো হিতাধিকাৰী, যিসকলে ইতিমধ্যে ১২ বছৰ বয়স প্ৰাপ্ত কৰিছে – তেওঁলোকে কোউইনত পঞ্জীয়ন কৰিব পাৰিব।

You might also like
Leave A Reply

Your email address will not be published.