আজিৰ হিমন্ত কেবিনেটৰ ৫ সিদ্ধান্ত

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ পঞ্চমখন বৈঠকত গ্ৰহণ কৰা মুল সিদ্ধান্ত

????ৰাজ্যত ৪ টা নতুন ফৰেনচিক লেবৰেটৰী স্থাপন। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ আৰু বঙাইগাঁও চিভিল হস্পাটালত স্থাপন হ’ব এই ফৰেনচিক লেবৰেটৰী সমুহ।

????সমাজ কল্যাণ বিভাগে ICDSৰ অধিনত SNPৰ চাউল ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰি ব্যয় ৰাহিৰ সিদ্ধান্ত।

????নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়,বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়,গোলাঘাটৰ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বিধি(Statutes)ত অনুমোদন।

????পৰীক্ষা অনুস্থিতকৰনৰ বাবে পৰিবেশ অনুকুল বিবেচিত নোহোৱাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত অহা ১৮ জুনত শিক্ষা বিভাগ আৰু সংশ্লিষ্ট পক্ষৰে আলোচনা কৰি গ্ৰহণ কৰা হ’ব পৰৱৰ্তী সিদ্ধান্ত ।

????ঘৰত পৃথক কোঠা,শৌচাগাৰ নাথাকিলে ক’ভিড ৰোগীৰ ক্ষেত্ৰত হোম আইচ’লেছনৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত।

You might also like
Leave A Reply

Your email address will not be published.