আজি অসমলৈ আহিছে উপ-ৰাষ্ট্ৰপতি

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আজি অসমলৈ আহিছে। গুৱাহাটীৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৩ দিনীয়া উত্তৰ-পূব ভ্ৰমণ সূচীৰে অহা উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে।

উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰথমে গুৱাহাটীৰ ঐতিহ্য সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন কৰিব। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা উপায়ুক্তৰ পুৰণি বাসগৃহটো ঐতিহ্যবাহী সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে।
পিইটি এমআৰআই যন্ত্ৰৰ উদ্বোধনৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰিব। আবেলি প্ৰায় ৪.৩০ বজাত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.