আজি বিশ্ব অলিম্পিক দিৱস

স্পেচিয়েল ডেস্ক, এন ই ভাৰত

“এই পৃথিৱী এক ক্ৰীড়াঙ্গন,
ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন…..”

দৃঢ়তা,ঐক্য আৰু আত্মবিশ্বাসেৰে কঠিন পৰিস্থিতি আৰু প্ৰত্যাহ্বান ওফৰাই জীৱনৰ জয়গান গাবলৈ অনুপ্ৰেৰণা যোগোৱা একমাত্ৰ ক্ষেত্ৰখনেই হ’ল ক্ৰীড়া। আজি ২৩ জুন, বিশ্ব অলিম্পিক দিৱস। এই দিৱসৰ তাৎপৰ্য হ’ল – অলিম্পিকৰ অন্তৰ্নিহিত চিন্তা তথা ভাৱনাক উপলব্ধি কৰা। পোনপ্ৰথমবাৰৰ বাবে অলিম্পিক দিৱস উদযাপন কৰা হৈছিল ১৯৪৮ চনৰ ২৩ জুনত। সেই সময়ত গ্ৰীচ,অষ্ট্ৰিয়া,কানাডা,চুইজাৰলেণ্ড,গ্ৰেট ব্ৰিটেইন,উৰুগুৱে,ভেনিজুৱেলা আদি দেশে নিজাববীয়াকৈ আয়োজন কৰিছিল অলিম্পিক দিৱস। ১৯৪৭ চনত চেক গণৰাজ্যৰ এগৰাকী আই অ’ চি’ ৰ সদস্যই প্ৰস্তাৱ দাঙি ধৰিছিল যে অলিম্পিকৰ আদৰ্শ ধৰি ৰাখিবৰ বাবে প্ৰতিবছৰে অলিম্পিক দিৱস আয়োজন কৰিব লাগে। তেওঁৰ প্ৰস্তাৱক বিবেচনা কৰিয়ে ৪২ সংখ্যক আই অ’ চি’ৰ অধিবেশনত ২৩ জুন তাৰিখটোতে আন্তৰ্জাতিক অলিম্পিক দিৱস উদযাপনৰ বাবে স্থিৰ কৰা হৈছিল আৰু এইদৰেই প্ৰতিবছৰে আয়োজন কৰা হয় বিশ্ব অলিম্পিক দিৱস।।

You might also like
Leave A Reply

Your email address will not be published.