আজি ১০ আগষ্ট

➡️ ১৮৬০ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী সংগীতত নৱযুগৰ সূচনা কৰোঁতা বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম হৈছিল ।

➡️ ইংৰাজ পদাৰ্থ-বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হৈছিল ১৮৭০ চনৰ ১০ আগষ্টত। ১৮০৮ চনত ৰাডাৰফোৰ্ডে লাভ কৰিছিল ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।

➡️ ১৮৯৪ চনৰ ১০ আগষ্টত ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটাগিৰিৰ জন্ম হৈছিল। ১৯৬৯ চনৰ ২৪ আগষ্টৰ পৰা ১৯৭৪ চনৰ ২৪ আগষ্টলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 (ছেটেলাইট লঞ্চ ভেহিকল) শ্ৰীহৰিকোটাৰ পৰা পুৱা ৭.৫৮ বজাত উৎক্ষেপণ কৰা হৈছিল ১৯৭৯ চনৰ ১০ আগষ্টত। উপগ্ৰহ বহন কৰিব পৰাকৈ পৰীক্ষামূলকভাৱে নিৰ্মিত আৰু উৎক্ষেপিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন। কিন্তু এই পৰীক্ষা সফল হোৱা নাছিল । উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংস হৈছিল ।

➡️ ১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় মহাসমৰৰ অন্তত জাৰ্মানীয়ে নিঃচৰ্ত আত্মসমৰ্পণ কৰিছিল ।

➡️ ‘নৰ্মদা বচাও’ আন্দোলনৰ নেত্ৰী মেধা পাটকাৰসহ দহজনক গ্ৰেপ্তাৰ কৰা হৈছিল ১৯৯৯ চনৰ ১০ আগষ্টত। এওঁলোকে একঁকাল পানীত নামি নৰ্মদাৰ সুৰক্ষাৰ হকে দাবী জনাইছিল।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে অসম চৰকাৰৰ শান্তি সমদলৰ বুটমাহ খাই কেইবা শতাধিক শিশু-কিশোৰ আক্ৰান্ত হোৱাৰ উপৰিও দুটি শিশুৰ মৃত্যু হৈছিল ।

➡️ ‘ফিফা’ৰ (FIFA) স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম ফুটবল ৰেফাৰী প্ৰতুল চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল ২০০২ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৭ চনৰ ১০ আগষ্টত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰূপে হামিদ আনছাৰী নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.