আজি ১০ নৱেম্বৰ

➡ ১৪৮৩ চনৰ আজিৰ দিনটোতে সংস্কাৰবাদী আন্দোলনৰ নেতা, ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ জন্ম হৈছিল।

➡ ১৬৯৭ চনৰ ১০ নৱেম্বৰত ইংৰাজী চিত্ৰশিল্পী উইলিয়াম হগাৰ্তৰ জন্ম হৈছিল।

➡ মোলানা আবুল কালাম আজাদৰ জন্ম হৈছিল ১৮৮৮ চনৰ আজিৰ দিনটোতে।

➡ ১৯৩৮ চনৰ ১০ নৱেম্বৰত আধুনিক তুৰস্কৰ প্ৰতিষ্ঠাতা তথা তথা যোদ্ধা কামাল পাছাৰ মৃত্যু হৈছিল।

➡ ১৯৮৯ চনৰ আজিৰ দিনটোতে বাৰ্লিন ৱাল ধ্বংস হৈ পূব-পশ্চিম জাৰ্মানীৰ পুনৰ্মিলনৰ প্ৰথম ঢাপ সম্পন্ন হৈছিল।

➡ ১৯৯০ চনৰ ১০ নৱেম্বৰত ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী ৰূপে চন্দ্ৰশেখৰৰ শপত গ্ৰহণ আৰু কেন্দ্ৰত এখন সংখ্যালঘু চৰকাৰ গঠন হৈছিল।

➡ পৃথিৱীৰ আকাশত হেলীৰ ধূমকেতু দৃশ্যমান হৈছিল ১৯৮২ চনৰ আজিৰ দিনটোতে।

➡ ২০০৪ চনৰ ১০ নৱেম্বৰত পেলেষ্টাইনী নেতা য়াছেৰ আৰাফটৰ মৃত্যু হৈছিল।

➡ ১৯৭০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ লুনা-১৭ নামৰ মহাকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰা হৈছিল। এই যানৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰৰ মাটিত স্বয়ংচালিত চন্দ্ৰ ভ্ৰমণকাৰী যান লুনাখোদ-১ স্থাপন কৰিছিল।

➡ ১৬৫৯ চনৰ ১০ নৱেম্বৰত বিচক্ষণ সেনাপতি আফজল খাঁ শিৱাজীৰ এজন অনুচৰৰ হাতত প্ৰতাপগড় দুৰ্গৰ কাষত নিহত হৈছিল।

➡ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি লিঅ’নিড ব্ৰেজনেভৰ মৃত্যু হৈছিল ১৯৮২ চনৰ আজিৰ দিনটোতে।

➡ ১৯৯১ চনৰ ১০ নৱেম্বৰত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা ২১ বছৰৰ নিৰ্বাসনৰ অন্তত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলে ভাৰতত প্ৰথমবাৰৰ বাবে খেলত অংশগ্ৰহণ কৰিছিল। ক্লাইভ ৰাইচৰ নেতৃত্বত অহা এইটো দল ভাৰতৰ হাতত তিনি উইকেটত পৰাস্ত হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.