আজি ১১ আগষ্ট

➡️ ১৩৪৭ চনৰ আজিৰ দিনটোতে আলাউদ্দিন হাছানে বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

➡️ ১৮৫৮ চনৰ ১১ আগষ্টত বিশিষ্ট চিকিৎসা-বিজ্ঞানী খ্ৰীষ্টিয়ান আইজকমেনৰ নেদাৰলেণ্ডছত জন্ম হৈছিল। ১৯২৯ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ বিনা বিচাৰে বিপ্লৱী ক্ষুদিৰাম বসুৰ ফাঁচি হৈছিল ১৯০৮ চনৰ ১১ আগষ্টত।

➡️ ১৯৬১ চনৰ আজিৰ দিনটোতে দাদৰ আৰু নগৰ হাভেলীয়ে ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰিছিল ।

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতে নগাঁৱৰ থেকেৰাগুৰিত তৈলভাণ্ডাৰত বিষ্ফোৰণ ঘটি বিস্তৰ ক্ষতি সাধন হৈছিল ।

➡️ শতিকাৰ অন্তিম পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হৈছিল ১৯৯৯ চনৰ ১১ আগষ্টত। এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান হৈছিল।

➡️ ভাৰতৰ প্ৰাক্তন টেষ্ট খেলুৱৈ ৰমানাথ পাৰ্কাৰৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ ১১ আগষ্টত।

➡️ ১৯৯৯ চনৰ আজিৰ দিনটোতে বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাৰ মৃত্যু হৈছিল ।

➡️ ২০০৩ চনৰ ১১ আগষ্টত ২০০৫ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দায়িত্বৰ পৰা ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিব এম জি ভি কে ভানুক অপসাৰণ কৰা হৈছিল ।

➡️ ২০০৪ চনৰ ১১ আগষ্টত প্ৰত্যক্ষভাৱে ৰাইজৰ অভাৱ-অভিযোগ শুনাৰ বাবে প্ৰধান মন্ত্ৰী মনমোহন সিঙে ‘জনতা দৰবাৰ’ আৰম্ভ কৰিছিল ।

➡️ সংগীত পৰিচালক পাৰ্থপ্ৰতিম চৌধুৰীৰ মৃত্যু হৈছিল ২০০৫ চনৰ ১১ আগষ্টত।

➡️ ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.