আজি ১১ নৱেম্বৰ

➡ ১৮২১ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সাহিত্যিক ডষ্টয়েভস্কিৰ জন্ম হৈছিল।

➡ ১৮৬৬ চনৰ ১১ নৱেম্বৰত কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল।

➡ চৰকাৰীভাৱে প্ৰথম মহাসমৰৰ সামৰণি পৰিছিল ১৯১৮ চনৰ আজিৰ দিনটোতে । এই যুদ্ধত মিত্ৰ পক্ষই (ৰাছিয়া-ব্ৰিটেইন-ফ্ৰান্স-যি ছাৰ্বিয়াক সমৰ্থন কৰিছিল) জয়লাভ কৰিছিল। অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰিছিল।

➡ ১৯১৯ চনৰ ১১ নৱেম্বৰত মুম্বাই চহৰত কেন্দ্ৰীয় খিলাফৎ কমিটী গঠন কৰা হৈছিল।

➡ ১৯২৩ চনৰ আজিৰ দিনটোতে হিটলাৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

➡ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰতিভাময়ী অভিনেত্ৰী ৰেখাৰ জন্ম হৈছিল ১৯৫৪ চনৰ ১১ নৱেম্বৰত। বৰ্তমানলৈকে ১৮০ খনৰো অধিক ছবিত অভিনয় কৰা ৰেখাই বলীউডত সফলতাৰে ৪০ বছৰ অতিক্ৰম কৰিছে।

➡ ১৯৬৬ চনৰ আজিৰ দিনটোতে সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ মৃত্যু হৈছিল।

➡ ১৯৬৮ চনৰ ১১ নৱেম্বৰত মালদ্বীপ গণতন্ত্ৰত পৰিণত হৈছিল।

➡ মহেন্দ্ৰ মোহন চৌধুৰী অসমৰ মুখ্যমন্ত্ৰী হৈছিল ১৯৭০ চনৰ আজিৰ দিনটোতে। ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে তেওঁ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

➡ ১৯৭৩ চনৰ ১১ নৱেম্বৰত নতুন দিল্লীত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ডাকটিকট প্ৰদৰ্শনী মুকলি হৈছিল।

➡ ১৮৭৫ চনৰ আজিৰ দিনটোতে এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হৈছিল।

➡ ১৯৮১ চনৰ ১১ নৱেম্বৰত সাহিত্যিক ৰমা দাশৰ মৃত্যু হৈছিল।

➡ কমনৱেলথৰ পৰা নাইজেৰিয়াক নিলম্বন কৰা হৈছিল ১৯৯৫ চনৰ আজিৰ দিনটোতে।

➡ ২০০২ চনৰ ১১ নৱেম্বৰত বিল গেটছৰ ভাৰতলৈ আগমন হৈছিল।

➡ ২০০২ চনৰ আজিৰ দিনটোতে জম্মু-কাশ্মীৰৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ ফাৰুক আব্দুল্লা আৰু গোলাম নবী আজাদ নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.