আজি ১২ অক্টোবৰ

➡️ আজি দূৰ্গা পূজাৰ সপ্তমী তিথি।

➡️ ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্পী প্ৰতিষ্ঠান ভিলাই ইস্পাট কাৰখানাত প্ৰথম ইস্পাট উৎপাদন আৰম্ভ হৈছিল।

➡️ ১৯৬৭ চনৰ ১২ অক্টোবৰত সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ মৃত্যু হৈছিল।

➡️ মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদোৰত ভূমিকম্পৰ ১,৮০০ লোকৰ মৃত্যু হৈছিল ১৯৮৬ চনৰ ১২ অক্টোবৰত।

➡️ ১৯৯০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল।

➡️ ১৯৯৭ চনৰ ১০ অক্টোবৰত দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা ছলমান খানক গ্ৰেপ্তাৰ কৰা হৈছিল।

➡️ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী সুষমা স্বৰাজে দিল্লীৰ মুখ্য মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল ১৯৯৮ চনৰ ১২ অক্টোবৰত।

➡️ ১৯৯৯ চনৰ ১২ অক্টোবৰত পাকিস্তানত সামৰিক শাসন আৰম্ভ হৈছিল। সেনাপ্ৰধান পাৰভেজ মুছাৰফৰ ক্ষমতা দখল কৰিছিল । প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফ গৃহবন্দী হৈছিল।

➡️ ১৯৯৯ চনৰ ১২ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি হৈছিল । ৬০০ কোটিতম শিশুটিৰ জন্ম হয় কোছোভোত, ভাৰতীয় সময় মতে ৰাতি ১২.০২ বজাত।

➡️ ২০০১ চনৰ ১২ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ আৰু ইয়াৰ সচিবপ্ৰধান কফি আন্নানলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে ভাৰত-নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথম টেষ্ট ড্ৰ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.