আজি ১২ আগষ্ট

➡️ ১৬০২ চনৰ আজিৰ দিনটোতে আকবৰ নামে খ্যাত আবুল ফজলৰ মৃত্যু হৈছিল।

➡️ ১৭৬৫ চনৰ ১২ আগষ্টত বংগৰ গৱৰ্ণৰ ৰবাৰ্ট ক্লাইভে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰ পৰা বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰিছিল । ব্ৰিটিছ অধিকৃত ভাৰতৰ ইতিহাসত ই এক অতি তাৎপৰ্যপূৰ্ণ সংঘটন। কিয়নো, ইয়েই আছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।

➡️ ৰে’লৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ মৃত্যু হৈছিল ১৮৪৮ চনৰ ১২ আগষ্টত।

➡️ ১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম ছাৰভাইনৰ জন্ম হৈছিল ।

➡️ প্ৰথম অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক বাতৰি’ৰ প্ৰকাশ আৰম্ভ হৈছিল ১৯৩৫ চনৰ ১২ আগষ্টৰ পৰা। সম্পাদক আছিল নীলমণি ফুকন।

➡️ ১৯৫৫ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক টমাছ মানৰ মৃত্যু হৈছিল। ১৯২৯ চনত তেওঁ সাহিত্যিৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ মাৰ্কিন বিজ্ঞানী জেমছ বি ছুমনাৰৰ মৃত্যু হৈছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে। ১৯৪৬ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯৯৭ চনৰ ১২ আগষ্টত কেছেট জগতৰ সম্ৰাট গুলছন কুমাৰক হত্যা কৰা হৈছিল।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে আমেৰিকান সৈন্যৰ আক্ৰমণত ১৬৫ জন ইৰাকী সৈন্যৰ মৃত্যু হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.