আজি ১২ ছেপ্টেম্বৰ

➡️ ১৩৯৮ চনৰ আজিৰ দিনটোতে তুৰ্কী অভিযানকাৰী টাইমুৰে ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰত লুন্ঠন কৰিছিল ।

➡️ ১৭৮৬ চনৰ ১২ ছেপ্টেম্বৰত লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হৈছিল ।

➡️ প্ৰসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে । ‘পথেৰ পাঁচালি’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।

➡️ ১৮৯৭ চনৰ ১২ ছেপ্টেম্বৰত ফৰাচী বিজ্ঞানী ইৰেন জোলিঅ’ কুৰীৰ জন্ম হৈছিল । ১৯৩৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।
উল্লেখ্য যে ইৰেনৰ পিতৃ-মাতৃ পীয়েৰ আৰু মেৰী কুৰীয়েও ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯৫৯ চনৰ আজিৰ দিনটোতে চন্দ্ৰলৈ ৰাছিয়াই প্ৰথম মহাকাশযান উৎক্ষেপণ কৰিছিল ।

➡️ ১৯৭০ চনৰ ১২ ছেপ্টেম্বৰত চন্দ্ৰ অভিমুখে ৰাছিয়াই অনুসন্ধানী যান লুনা-১৬ৰ উৎক্ষেপণ কৰিছিল ।লগে লগে ইতিহাসত প্ৰথমবাৰৰ বাবে এখন স্বয়ংক্ৰিয় যানে চন্দ্ৰত সফল অৱতৰণ কৰিছিল। যানখনে চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়িয়াইছিল।

➡️ ৱৰ্ল্ড ট্ৰেণ্টাৰ আৰু পেণ্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰিছিল ২০০১ চনৰ ১২ ছেপ্টেম্বৰত।।

You might also like
Leave A Reply

Your email address will not be published.