আজি ১২ জুলাই

➡️ আজি কিৰিবাটিৰ ৰাষ্ট্ৰীয় দিৱস।

➡️ খ্ৰীষ্টপূৰ্ব ১০১ৰ ১২ জুলাইত ৰোমান সেনানায়ক জুলিয়াছ চিজাৰৰ জন্ম হৈছিল।

➡️ ১৮২৩ চনৰ আজিৰ দিনটোৰ পৰা ভাৰতত নিৰ্মিত প্ৰথম বাষ্পচালিত জাহাজ ‘ডায়ানা’ৰ কলকাতা বন্দৰৰ পৰা যাত্ৰাৰম্ভ হৈছিল।

➡️ যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জিৰ অন্যতম আৱিস্কাৰক এলবাৰ্ট কামেটৰ ফ্ৰান্সত জন্ম হৈছিল ১৮৬৩ চনৰ আজিৰ দিনটোতে।

➡️ ১৯০৪ চনৰ ১২ জুলাইত কবি পাবলো নেৰুডাৰ ( প্ৰকৃত নাম কেফতালি ৰিকাৰ্ডো ৰেইছ বাছোৱালটো) জন্ম হৈছিল। ১৯৭১ চনত নেৰুডাই লাভ কৰে সাহিত্যৰ ন’বেল বঁটা।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেললৈ মৰণোত্তৰভাবে ‘ভাৰতৰত্ন’ সন্মান প্ৰদান কৰা হৈছিল। পেটেলৰ এই সন্মান গ্ৰহণ কৰিছিল তেওঁৰ নাতি বিপিন দহিয়াভাই পেটেলে।

➡️ ১৯৯৮ চনৰ ১২ জুলাইত ব্ৰাজিলক ৩-০ গ’লত পৰাজিত কৰি ফ্ৰান্স বিশ্বকাপ ফুটবলৰ চেম্পিয়ন হৈছিল।

➡️ হিন্দী ছবিৰ বিশিষ্ট অভিনেতা ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে।

➡️ ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্ৰকল্পৰ মানৱ সম্পদ উন্নয়ন প্ৰতিবেদনত ১৭২ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৩২ ; মাধ্যমীয়া উন্নয়নশীল শ্ৰেণীৰ দেশৰ ভিতৰত ভাৰত উন্নত হিচাপে ঘোষিত হৈছিল ১৯৯৯ চনৰ ১২ জুলাইত।

➡️ ২০০২ চনৰ ১২ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাদী পাৰ্টীয়ে সমৰ্থন জনাইছিল। লগতে পিপুল্‌ছ ফ্ৰণ্টৰ বিভাজন হৈছিল।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে গুৱাহাটীত আয়োজিত অলিম্পিক দিৱসৰ দৌৰত জ্যোতিৰ্ময়ী শিকদাৰে অংশগ্ৰহণ কৰিছিল।

➡️ ২০০৫ চনৰ ১২ জুলাইত অসমত প্ৰৱৰ্তিত বিতৰ্কিত আই এম ডি টি আইন বাতিল কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.