➡ ১৮৪২ চনৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থ-বিজ্ঞানী লৰ্ড ৰেলীৰ জন্ম হৈছিল। ১৯০৪ চনত তেওঁ পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡ ১৮৯৬ চনৰ ১২ নৱেম্বৰত ভাৰতীয় পক্ষী-বিজ্ঞানী ছালিম আলীৰ জন্ম হৈছিল।
➡ সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰনাথ গোস্বামীৰ জন্ম হৈছিল ১৯১৮ চনৰ আজিৰ দিনটোতে।
➡ ১৯৩০ চনৰ ১২ নৱেম্বৰত লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল আৰম্ভ হৈছিল। ১৬ জন ভাৰতীয় দেশীয় ৰজা, ৫৬ জন আন ভাৰতীয় আৰু ১৩জন ব্ৰিটিছ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছৰ প্ৰতিনিধি নাছিল। এই মেজমেল ১৯৩১ চনৰ ১৯ জানুৱাৰীলৈকে চলিছিল।
➡ ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰসিদ্ধ ভাস্কৰ্যশিল্পী অগুস্ত ৰঁদাৰ পেৰিছত জন্ম হৈছিল। তেওঁৰ অসম্পূৰ্ণ ভাস্কৰ্য ‘লা পোৰ্ট ডে লেঁফে’ক বিশ্বৰ অনন্য শিল্পকীৰ্তি হিচাপে সংৰক্ষণ কৰা হৈছে।
➡ জাতীয়তাবাদী নেতা মদন মোহন মালব্যৰ মৃত্যু হৈছিল ১৯৪৬ চনৰ ১২ নৱেম্বৰত।
➡ ১৯৫৬ চনৰ আজিৰ দিনটোতে মেলবৰ্নত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।
➡ ১৯৬০ চনৰ ১২ নৱেম্বৰত বিষ্ণু সহায় অসমৰ ৰাজ্যপাল হৈছিল। ১৯৬১ চনৰ ১২ জানুৱাৰীলৈকে তেওঁ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡ ১৯৮৭ চনৰ আজিৰ দিনটোতে বোম্বাই উচ্চ ন্যায়ালয়ে ৰায়দান কৰিছিল যে সংবাদ-পত্ৰৰ আইন অনুযায়ী সংবাদৰ সূত্ৰ তথা উৎস জনোৱাটো বাধ্যতামূলক নহয়।
➡ পৃথিৱীৰ প্ৰাচীনতম বংশ পৰম্পৰাগত ৰাজতন্ত্ৰৰ সিংহাসনত জাপানৰ সম্ৰাট আকাহিতো অভিষিক্ত হৈছিল ১৯৯০ চনৰ ১২ নৱেম্বৰত। এই ৰাজতন্ত্ৰ ২,৬০০ বছৰ ধৰি চলি আহিছে।
➡ ১৯৯৪ চনৰ আজিৰ দিনটোতে প্ৰগতিশীল কবি অৱনী চক্ৰৱৰ্তী ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল।
➡ ২০০১ চনৰ ১২ নৱেম্বৰত ওছামা বিন লাডেনে ৱৰ্ল্ড ট্ৰেড চেন্টাৰ আক্ৰমণৰ কথা স্বীকাৰ কৰিছিল।
➡ ২০০১ চনৰ আজিৰ দিনটোতে নিউয়ৰ্কৰ আকাশমাৰ্গত বিমান দুৰ্ঘটনা হৈ ২৫৫ জন যাত্ৰীৰ মৃত্যু হৈছিল।
➡ ২০০৬ চনৰ ১২ নৱেম্বৰত বাংগালোৰ চহৰৰ নাম সলনি কৰি নতুন নাম বাংগালুৰু(Bangaluru) কৰা হৈছিল।।