আজি ১৩ আগষ্ট

➡️ ১৮৭২ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত জাৰ্মান বিজ্ঞানী ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটটাৰৰ জন্ম হৈছিল। ১৯১৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ টেলিভিছনৰ আৱিষ্কাৰক জন লোগী ৱেয়াৰ্ডৰ মৃত্যু হৈছিল ১৮৮৮ চনৰ ১৩ আগষ্টত।

➡️ ১৮৯১ চনৰ ১৩ আগষ্টত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিৎসহ আন দুজনক ইংৰাজে ফাঁচি দিছিল।

➡️ ১৯১০ চনৰ আজিৰ দিনটোতে ইংৰাজ শুশ্ৰূষাকাৰিণী ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু হৈছিল।

➡️ ইটালীজাত বিশিষ্ট মাৰ্কিন চিকিৎসা-বিজ্ঞানী ছালভাডোৰ এডৱাৰ্ড লুৰিয়াৰ জন্ম হৈছিল ১৯১২ চনৰ ১৩ আগষ্টত । ১৯৬৯ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ প্ৰখ্যাত ব্ৰিটিছ ৰসায়নবিদ ফ্ৰেডৰিক ছেংগাৰৰ জন্ম হৈছিল ১৯১৮ চনৰ ১৩ আগষ্টত।১৯৫৮ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰে।

➡️ ১৯২৭ চনৰ ১৩ আগষ্টত কিউবাৰ বিপ্লৱ নেতা ফিডেল কাষ্ট্ৰোৰ জন্ম হৈছিল।

➡️ লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হৈছিল ১৯৫৬ চনৰ আজিৰ দিনটোতে।

➡️ ২০০০ চনৰ ১৩ আগষ্টত প্ৰখ্যাত গায়িকা নাজিয়া হাছানৰ মৃত্যু হৈছিল ।

➡️ ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যু হৈছিল ২০০৩ চনৰ ১৩ আগষ্টত।

➡️ ২০০৪ চনৰ আজিৰ দিনটোৰ পৰা গ্ৰীচৰ এথেন্সত ২৮তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল । এই সমাৰোহ ৩০ আগষ্টলৈকে চলিছিল।।

You might also like
Leave A Reply

Your email address will not be published.