আজি ১৪ অক্টোবৰ

➡️ আজি দূৰ্গা পূজাৰ নৱমী তিথি।

➡️ আজি বিশ্ব মান দিৱস।

➡️ ১২৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজিয়া চুলতানাৰ মৃত্যু হৈছিল ।

➡️ সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯২৪ চনৰ ১৪ অক্টোবৰত।

➡️ ১৯২৯ চনৰ ১৪ অক্টোবৰত ভাস্কৰ্যশিল্পী শোভা ব্ৰহ্মৰ জন্ম হৈছিল।

➡️ ১৯৮০ চনৰ ১৪ অক্টোবৰত শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল।

➡️ ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ জন্ম হৈছিল ।

➡️ ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনলৈ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল ১৯৯৮ চনৰ ১৪ অক্টোবৰত।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানত মাৰ্কিন আক্ৰমণৰ পৰিণতিত নাইজেৰিয়াত হোৱা গোষ্ঠীসংঘৰ্ষত প্ৰায় ২০০ লোকৰ মৃত্যু হৈছিল । অসংখ্য মছজিদ, গিৰ্জা ধ্বংস কৰা হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.