আজি ১৪ আগষ্ট

➡️ আজি পাকিস্তানৰ স্বাধীনতা দিৱস।

➡️ ১৯৫৬ চনৰ আজিৰ দিনটোতে কেৰালাৰ মালয়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা, শ্ৰেষ্ঠ গ্ৰন্থকাৰলৈ বঁটা প্ৰদান কৰা, ভাষা-সাহিত্যৰ গৱেষণাৰ বাবে উৎসাহ প্ৰদানৰ উদ্দেশ্যে কেৰালা সাহিত্য অকাডেমি গঠন কৰা হৈছিল ।

➡️ পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ-প্লেট লগোৱাৰ ৰীতি আৰম্ভ হৈছিল ১৮৯৩ চনৰ ১৪ আগষ্টত।

➡️ ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰত বিভাজন হৈছিল । লগতে স্বতন্ত্ৰ স্বাধীন ৰাষ্ট্ৰ ৰূপে পাকিস্তানৰ জন্ম হৈছিল ।

➡️ ১৯৪৫ চনৰ ১৪ আগষ্টত মিত্ৰশক্তিৰ ওচৰত জাপানে আত্মসমৰ্পণ কৰিছিল। লগে লগে দ্বিতীয় মহাসমৰৰ অৱসান হৈছিল।

➡️ বোম্বাই উচ্চ ন্যায়ালয় মুকলি কৰা হৈছিল ১৮৬২ চনৰ ১৪ আগষ্টত।

➡️ ১৯৮৮ চনৰ আজিৰ দিনটোতে মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হৈছিল।

➡️ ১৯৫৬ চনৰ ১৪ আগষ্টত প্ৰসিদ্ধ জাৰ্মান নাট্যকাৰ বাৰ্টোল্ড ব্লেখটৰ মৃত্যু হৈছিল।

➡️ ২০০৮ চনৰ আজিৰ দিনটোতে এজনী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ আৰু পিছত হত্যাৰ অভিযোগত কলকাতাত ধনঞ্জয় চেটাৰ্জীক ফাঁচি দিয়া হৈছিল।

➡️ ১৯২৩ চনৰ ১৪ আগষ্টত যশস্বী সাংবাদিক কুলদীপ নায়াৰৰ জন্ম হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.