আজি ১৫ অক্টোবৰ

➡️ আজি দূৰ্গা পূজাৰ দশমী তিথি ।

➡️ খ্ৰীষ্টপূৰ্ব ৭০ ৰ আজিৰ দিনটোতে ৰোমৰ মহাকবি ভাৰ্জিলৰ জন্ম হৈছিল।

➡️ ১৫৪১ চনৰ ১৫ অক্টোবৰত মোগল সম্ৰাট আকবৰৰ জন্ম হৈছিল।

➡️ ইটালীৰ পদাৰ্থবিদ, বেৰোমিটাৰৰ আৱিষ্কাৰক ইভানজেলিষ্টা টৰিচেলিৰ জন্ম হৈছিল ১৬০৬ চনৰ ১৫ অক্টোবৰত।

➡️ ১৮৭৪ চনৰ ১৫ অক্টোবৰত সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ জন্ম হৈছিল।

➡️১৯১৭ চনৰ আজিৰ দিনটোতে মহিলা গুপ্তচৰ মাতাহাৰী ফৰাচী সেনাৰ গুলীত নিহত হৈছিল । নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল।

➡️ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিজ্ঞানী এ পি জে আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোবৰত।

➡️ ১৯৬৪ চনৰ আজিৰ দিনটোতে চীনে প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষণ কৰিছিল।

➡️ ১৯৭৭ চনৰ ১৫ অক্টোবৰত কন্ঠশিল্পী, সুৰকাৰ জয়ন্ত হাজৰিকাৰ মৃত্যু হৈছিল।

➡️ ১৯৮৫ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ বাবে নতুন অৰ্থনৈতিক সংস্কাৰ নীতি পেৰেষ্ট্ৰইকা ঘোষণা কৰিছিল ।

➡️ ১৯৯১ চনৰ ১৫ অক্টোবৰত জিম্বাবৱেৰ ৰাজধানী হাৰাৰেত একাদশ কমনৱেলথ সন্মিলন আৰম্ভ হৈছিল।

➡️ স্বেচ্ছাসেৱী সংগঠন ‘ডক্টৰছ উইডাউট ব’ৰ্ডাৰ্ছ’লৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল ১৯৯৯ চনৰ ১৫ অক্টোবৰত।

➡️ ২০০০ চনৰ আজিৰ দিনটোতে সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ মৃত্যু হৈছিল ।

➡️ ২০০৩ চনৰ ১৫ অক্টোবৰত মহাকাশলৈ মানৱযাত্ৰী পঠিয়াই চীন বিশ্বৰ তৃতীয়খন মহাকাশযাত্ৰী পঠিওৱা দেশ হিচাপে পৰিগণিত হৈছিল ।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট সাহিত্যিক হেম বৰগোহাঞিৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.