আজি ১৬ অক্টোবৰ

➡️ আজি বিশ্ব খাদ্য দিৱস।

➡️ ১৮৮৮ চনৰ আজিৰ দিনটোতে মাৰ্কিন নাট্যকাৰ ইউজিন অ’ নীলৰ জন্ম হৈছিল।

➡️ ১৯৬৮ চনৰ ১৬ অক্টোবৰত হৰগোবিন্দ খোৰানালৈ চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল। এই বঁটা লাভ কৰা তেওঁ আছিল তৃতীয়জন ভাৰতীয়।

➡️ সাহিত্যিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হৈছিল ১৯০৮ চনৰ ১৬ অক্টোবৰত।

➡️ ১৯০৫ চনৰ আজিৰ দিনটোতে লৰ্ড কাৰ্জনে প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী কৰিছিল।

➡️ ১৭৫৮ চনৰ আজিৰ দিনটোতে ইংৰাজী ভাষাৰ অভিধান ৰচয়িতা নোৱা ৱেবষ্টাৰৰ আমেৰিকাত জন্ম হৈছিল। ‘আমেৰিকান ডিক্সনেৰী অব দ্য ইংলিছ লেংগুৱেজ’ (১৮৪০) তেওঁৰ এখন প্ৰসিদ্ধ অভিধান।

➡️ ভাৰতৰ নাৰী শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ উদ্বোধন কৰা হৈছিল ১৯৬৯ চনৰ ১৬ অক্টোবৰত।

➡️ ১৯৪৫ চনৰ আজিৰ দিনটোতে বিশ্ব খাদ্য সংস্থা প্ৰতিষ্ঠা হৈছিল।

➡️ ১৯৯০ চনৰ ১৬ অক্টোবৰত আফ্ৰিকাৰ মুক্তি আন্দোলনৰ নেতা নেলছন মাণ্ডেলালৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হৈছিল।

➡️ ১৯৫১ চনৰ ১৬ অক্টোবৰত ৰাৱলপিণ্ডিত এক বক্ততা প্ৰদান কালত আততায়ীৰ গুলীত পাকিস্তানৰ প্ৰথম প্ৰধান মন্ত্ৰী লিয়াকৎ আলী খান নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.